(৩৯)
#অন্য_এক_অথেল’
দেওবাৰ৷
স্কুল বন্ধ বাবে আটাইবোৰ লৰাছোৱালী আশ্ৰমতে আছে৷ ৰাতিপুৱাৰে পৰা আকাংক্ষা আৰু মাইচেনা সিহঁতৰ সৈতেই আছে৷ ডাঙৰকেইটাই নিজেই পঢ়িছে৷ সৰুকেইটাৰ ওচৰে ওচৰে থাকি আখৰ শিকাইছে৷
"খোৱাৰ যোগাৰ হ’ল দেই বাইদেউ৷"
ৰাবিয়াই আহি খবৰটো দিলেহি৷ লৰাছোৱালীহঁত উৎফুল্লিত হৈ পৰিল৷ কথাটো শুনিয়েই সিহঁতে কিতাপ সামৰিলেই৷
"ইমান খৰধৰ নহয় দেই৷ লাহে লাহে৷ কিতাপ বহী ভালকৈ থৈ যোৱা৷"
মাইচেনা বাইদেউৰ কথা শুনে সিহঁতে৷ অলপ ভয়ো কৰে৷ মন গলেও সিহঁতৰ লগত বৰকৈ ধেমালি ধুমুলা নকৰে তাই৷ পাছত মূৰৰ ওপৰত উঠিলে নমাব নোৱাৰিব৷
"আকাংক্ষা বা৷ তুমিও বলা৷"
আশ্ৰমৰ সকলোতকৈ সৰু চাৰে তিনিবছৰীয়া বাৰ্বীয়ে আকাংক্ষাৰ হাতত ধৰি ক’লে৷
"যামটো ময়ো৷ আকাংক্ষাবায়ে বাৰ্বীৰ ওচৰত বহি খাব ন'?"
তাই বাৰ্বীৰ গুলপীয়া গালখন চুই মৰম কৰিলে৷ মূৰ দুপিয়াই বাৰ্বীয়ে ধুনীয়াকৈ হাঁহিলে৷ আকাংক্ষাৰ মনটো ভাল লাগি গ’ল৷ সঁচাকৈয়ে ইমান নিষ্পাপ ইহঁত!
"ময়ো বহিম তোমাৰ ওচৰত৷"
বাৰ্বীক মৰম কৰা দেখি তাইতকৈ অলপ ডাঙৰ জুপিয়েও আকাংক্ষাৰ আনখন হাতত ধৰিলেহি৷
"ঠিক আছে৷ মই দুয়োজনীৰে মাজতে বহিম দেই৷"
সন্তোষৰ হাঁহি এটাৰে জুপিৰ মুখখন উজ্জ্বলি উঠিল৷ অলপ পালেই সন্তুষ্ট হয় এই অকণমানিহঁত৷ আৰু কিছুমানে? বিচৰাখিনি পোৱাৰ পাছতো কম যেন লাগে৷
গাখীৰত সিজোৱা অটচ্, জাহাজীকল, আপেল আৰু এটা এটা সিজোৱা কনীৰে ব্ৰেকফাষ্ট৷ আকাংক্ষাই দেখিছে, খোৱা বোৱাবোৰ ভাল দিয়ে আশ্ৰমখনত৷ লৰাছোৱালীহঁতে পাবলগীয়া পৰিপুষ্টিত যথেষ্ট গুৰুত্ব দিয়ে৷ স্বাস্থ্যসন্মতভাৱে ৰন্ধা বঢ়া আৰু চাফচিকুণতা বজাই ৰখাৰ কথা অৱন্তিকা বাইদেৱে ফোন কৰিলেই মাইচেনা বাইদেউক কৈ থকা শুনে৷ সদায় আহিব নোৱাৰিলেও তেখেতে যেতিয়াই সময় পায় আশ্ৰমলৈ পাক মাৰে৷ আহিলেই লৰাছোৱালীহঁতৰ কাপোৰ কাণিবোৰ পৰিষ্কাৰ পৰিছন্ন হৈ আছে নে নাইৰ পৰা সিহঁতৰ গা ধোৱা, নখ কটালৈকে সকলো চকু দিয়ে৷ সিহঁতবোৰেও জানে৷ গতিকে অৱন্তিকা বাইদেৱে বেয়া পাব বুলি সিহঁতেও গা পা ধোৱাত হেমাহী নকৰে৷
ব্ৰেকফাষ্ট কৰি হোৱাৰ এঘন্টামানৰ পাছতে আজি অৱন্তিকা বাইদেউ আহিল৷ তেখেতৰ নিৰ্দেশত গাড়ীৰ পৰা টোপোলা দুটামান টেগবাহাদুৰে নমাই পাকঘৰলৈ নিলে৷ সম্ভৱতঃ লৰাছোৱালীহঁতলৈ কিবা খোৱা বস্তু আনিব পায়৷ নিয়মীয়া চোৱা চিতাখিনি কৰাৰ পাছত অফিচ কোঠাটোলৈ সোমাই কিবা কাগজ পত্ৰ চালে৷ তাৰপাছত মাইচেনাক কৈ তেখেতে আকাংক্ষাক মতাই নিলে৷
"বাইদেউ৷"
আকাংক্ষাই সসংকোচে কোঠাটোলৈ সোমাই গ’ল৷ মেৰুণ ৰঙৰ শাৰীৰ সৈতে কলা ব্লাউজ পৰিহিতা অৱন্তিকা বাইদেউক মেলা চুলিৰে সৈতে বৰ ধুনীয়া লাগিছে৷ শাৰীৰ ৰঙৰ সৈতে মিলাই লোৱা কিছু ডাঙৰ ফোটটোৱে যেন সোনত সুৱগা চৰাইছে! ডিঙিত তেওঁৰ পোৰা মাটিৰ গহণা৷
"আহা আকাংক্ষা৷ বহাচোন৷ তোমাৰ লগত তেনেকৈ কথা পতা হোৱাই নাই নহয়৷ এন জি অ’ৰ কামত ইফালে সিফালে ঘুৰি ফুৰোঁতে এইকেইদিন সময় একেবাৰে পোৱা নাই৷"
অৱন্তিকা বাইদেউৰ স্নেহময়ী কথাবাৰ্তাই আশ্বস্ত কৰিলে তাইক৷
"হয় বাইদেউ৷"
"বাৰু এইটো যে লিখিছা তোমাৰ মাৰ ঘৰৰ ঠিকনা নহয়নে? ঘৰত কোন কোন আছে তোমাৰ?"
অৱন্তিকা বাইদেৱে ৰেজিষ্টাৰখন মেলি চাই সুধিলে তাইক৷
"এইটো মোৰ মাৰ ঘৰৰে ঠিকনা বাইদেউ৷ ঘৰত বৰ্তমান দেউতা আৰু মা হে আছে৷"
কথাটো কওঁতে আকাংক্ষাৰ বুকুখন সোপামাৰি ধৰিলে৷
"কিয় তোমাৰ চিবলিং?"
"নাই বাইদেউ৷ মই একমাত্ৰ ছোৱালী আছিলোঁ মা দেউতাৰ৷"
"অহ্! তেওঁলোক তাৰমানে এতিয়া একেবাৰে অকলশৰীয়াৰ দৰে হ’ল!"
স্বগতোক্তি কৰিলে অৱন্তিকা বাইদেৱে৷
"কি নো কওঁ? খন্তেকীয়া আবেগৰ বশৱৰ্তী হৈ ভুল সিদ্ধান্ত ল’লে কেতিয়াবা শুধৰাবলৈয়ো উপায় নোহোৱা হৈ পৰে৷"
আকাংক্ষাই নীৰৱে মাথোঁ শুনি গ’ল৷ কিবা এটা মন্তব্য দিবলৈয়ো তাইৰ এতিয়া শব্দৰ অভাৱ৷
"বাৰু, আৰু এটা কথা৷ লৰাছোৱালীহঁতক আজৰি সময়ত ব্যস্ত থাকিব পৰাকৈ মাজে মাজে আমি কিবা কৰ্মশালাৰ আয়োজন কৰাৰ কথাও ভাবিছোঁ৷ এই ধৰা নৃত্য, গীত নাইবা আৰ্ট এন্ড ক্ৰাফ্ট এনেবিলাক৷ সপ্তাহত এদিনকৈ এগৰাকী বয়োজেষ্ঠা বাইদেৱে সাধু কবলৈ আহে৷ মাজতে গা বেয়া হোৱাৰ বাবে তেখেতে দুটামান সপ্তাহ আহিব পৰা নাছিল৷ কাইলৈৰ পৰা পুনৰ আহিব বুলি খবৰ দিছে৷ আচ্ছা, তোমাৰ কি বিষয়ত ৰাপ আছে বাৰু? মানে সিহঁতক কিবা শিকাব পৰাকৈ?"
"বাইদেউ, বিশেষ চৰ্চা নাই যদিও আগতে কেতিয়াবা গান গাইছিলোঁ৷"
"ভাল কথা তেনেহলে৷ গানৰ শিক্ষক এজনৰ লগত কথা পাতিছোঁ৷ তুমি ক’অপাৰেট কৰিবা৷"
অৱন্তিকা বাইদেউ যাবলৈ উঠিল৷ তেওঁৰ আৰু ক’ৰবালৈ যাব লগা আছে৷ মাইচেনাহঁতে ভাত খাই যাবলৈ কৈছিল যদিও তেওঁ ন’ৰল৷
আগলৈ
No comments:
Post a Comment