(৩৮)
#অন্য_এক_অথেল’
বিপাক্ষী, তাইৰ মাক, ককায়েক, বৌয়েক আটাইকেইজন টি ভিৰ সন্মুখত বহি আছে৷ বাতৰিৰ চেনেল এটা লাগি আছে৷
"কিমাননো চাবি অ'! একেবোৰ বাতৰিকে উৰাই ঘুৰাই দি থাকে৷ মহাভাৰতখন দিবৰ সময় হোৱা নাই নেকি?"
বিপাক্ষীৰ মাকে আমনি পাই সুধিলে৷
"আৰু পোন্ধৰমিনিটমান আছে হ’বপায় সেইখন দিবলৈ৷"
বিপাক্ষীয়ে চেনেলটো সলাই দিলে৷ মাকে মহাভাৰতখন চাই ভাল পায়৷
"দাদা৷ ইয়াৰ চিকিৎসাৰ কথাটো কি ভাবিলি? একো উত্তৰ নিদিলে যে তই৷"
"তোকনো কি কম ভণ্টি৷ কথাবোৰ ভালদৰে ভাবি চিন্তি চা৷ শশাংকক চিকিৎসা কৰিবলৈ বিচাৰিছ বুজিছোঁ, কিন্তু তাক চম্ভালিব পাৰিবিনে তই? সি জানো তোৰ কথা মতে ডাক্তৰৰ পৰামৰ্শ লবলৈ সন্মত হ’ব?"
বিপাক্ষীৰ ককায়েক তাইৰ বাবে সঁচাকৈয়ে চিন্তিত৷ আগদিনা তাই ডাক্তৰ মানসীৰ লগত শশাংকৰ অসুখৰ কথা পাতি আহিছে৷ তাই শশাংকক ডাক্তৰ মানসীৰ ওচৰলৈ নিবলৈ ইচ্ছা ব্যক্ত কৰিছে৷
"চেষ্টা এটা কৰি চোৱাতনো আপত্তি কি? ডাক্তৰৰ ওচৰলৈ নিলে যদি তাৰ ভাল হয়, ভালহে কথা৷"
মাকে বিপাক্ষীৰ পক্ষ লৈ কলে৷
"নহয় অ মা৷ তাইক আকৌ শশাংকৰ ওচৰলৈ যাবলৈ দিবলৈ মুঠেও মন নাই৷ যেনে তেনে ডিভোৰ্চটো হৈ গ’লেহে শান্তি হ’ব৷ তাইহে আকৌ এইবোৰ কি উলিয়াই আছে৷"
তাৰ যে সঁচাকৈয়ে শশাংকৰ জীৱনৰ সৈতে পুনৰ ভনীয়েকক জড়িত কৰাবলৈ মন নাই৷
"নহয় অ দাদা৷ জীৱনসংগী হিচাপে শশাংকৰ দৰে মানুহক সহ্য কৰিব নোৱাৰোঁ বাবেই তাক মই এৰি গুচি আহিছিলোঁ৷ নিজস্বতা বিসৰ্জন দি কোনো নাৰীয়েই সুখী হ’ব নোৱাৰে৷ ময়ো ব্যতিক্ৰম নহয়৷ অন্যায়ৰ প্ৰতিবাদ কৰিবলৈয়ো শিকিলোঁ৷ আৰু মোক প্ৰতিখোজতে সমৰ্থন দি শক্তিশালী কৰি তুলিবলৈ তোৰ যি অহৰ্নিশ প্ৰচেষ্টা, তোক ককাইদেউ হিচাপে পাই মই সঁচাকৈয়ে গৌৰৱবোধ কৰিছোঁ৷ কিন্তু এতিয়া মই শশাংকক মানুহ হিচাপে, এজন মানসিক ৰোগী হিচাপে ধৰি লৈ মোৰ কৰ্তব্য পালন কৰিবলৈ বিচাৰিছোঁ৷ যেনেকৈ ঋত্বিকে ৰশ্মিৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিলে, ময়ো শশাংকৰ প্ৰতি মোৰ যি দায়িত্ব সেয়া পালন কৰিবলৈহে বিচাৰিছোঁ৷ কাৰণ তাৰ নিজৰ বুলিবলৈ মোৰ বাদে আন কোনো নাই৷ এনেকৈ যি হয় হওক বুলি তাক এৰি দি মই নিজে মুক্ত হৈ গলেও পাছত অনুশোচনাত ভূগিম৷ মানবীয়তাৰ খাতিৰতে তাক মই এটা সুযোগ দিয়া উচিত নহবনে?"
বিপাক্ষীৰ কথাত ককায়েক নিশ্চুপ হৈ থাকিল কিছুপৰ৷
"ভণ্টীয়ে ঠিকেই চিন্তা কৰিছে৷ মই বুজিছোঁ৷ পাছত কি হয় দেখা যাব৷ কিন্তু তাইৰ ফালৰ পৰা কৰিবলগীয়াখিনি নকৰিলে তায়ো মানসিক অশান্তিত নাথাকিব জানো!"
বিপাক্ষীৰ বৌয়েকে এইবাৰ মাত মাতিলে৷
"মইতো সেইটোৱেই বিচাৰোঁ৷ ছোৱালীজনীৰ সংসাৰখন বাচক৷ তাৰ ভাল হ’ব৷ ঈশ্বৰে মোৰ কথা শুনিব বুলি মোৰ দৃঢ় বিশ্বাস৷"
বিপাক্ষীৰ মাকে অদৃশ্যজনালৈ বহাৰ পৰাই সেৱা এটা জনালে৷ নেদেখাজনাৰ ওপৰত অপাৰ ভৰষা তেওঁৰ৷
"শশাংককটো কোনোবাই জনাব লাগিব কথাটো? কোনে ক’ব? ময়েই গৈ তাক এবাৰ লগ কৰোঁ নেকি?"
ককায়েক কিছু নৰম হ’ল এইবাৰ৷
"নালাগে দাদা৷ ময়েই কম কথাটো৷ কিন্তু ঘপহ্কৈ নহয়৷ কাৰণ এইটো কথা সি হঠাতে কৈ দিলে হজম কৰিব নোৱাৰিব৷"
"হয়৷ ঠিকেই কৈছ তই৷ চিন্তা কৰি চাচোন কেনেকৈ আগবাঢ়িলে ভাল হয়৷ অলপ টেক্টফুলি আগবাঢ়িব লাগিব৷"
কৈ বিপাক্ষীৰ ককায়েক বহাৰ পৰা উঠিল৷ সি এই সময়ত এপাক সদায় বজাৰৰ ফালে ওলায় যায়৷
"হেৰা,কিবা আনিবলগীয়া আছে নেকি?"
"ৰবা৷ বস্তু দুটামান নাই৷ মই লিষ্ট এখন লিখিয়েই থৈছোঁ৷"
বৌয়েকে ভিতৰৰ পৰা বজাৰৰ লিষ্ট এখন আনি দিলেহি৷
"বোৱাৰী ধূপৰ পেকেট দুটাও লিখি দিয়াচোন৷"
বিপাক্ষীৰ মাকো উঠিল৷ তেওঁ এতিয়া গাটো তিয়াই গোঁসাইঘৰত সোমাব৷
আগলৈ
No comments:
Post a Comment