www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, September 1, 2021

অন্য এক অথেল’ (৪৮)

 (৪৮)


#অন্য_এক_অথেল’


        ডাঙৰ বিচনাখনৰ একাষত দীঘল দি পৰি সোঁহাতখন নি চকুকেইটা ঢাকি আছে আকাংক্ষাৰ মাকে৷ কামকৰা মানুহজনীয়ে দি যোৱা চাহকাপ ইতিমধ্যেই চেঁচা হ’ল৷ আকাংক্ষা গুচি যোৱাৰ পাচৰে পৰা মানুহজনীয়ে খোৱা বোৱা কৰিবলৈ মন নকৰা হ’ল৷ কেৱল মাকেইনে! দেউতাকেও জানো ঠিকমতে খোৱা লোৱা কৰে! 


"চাহ নাখালা যে?"


আকাংক্ষাৰ দেউতাকে কিবা এটা সুধিব লাগে বাবেই সুধিলে৷ মানুহজনীৰ মনৰ অৱস্থা তেওঁ নুবুজা নহয়৷ 


"মন নগ’ল৷"


আকাংক্ষাৰ মাকে চকুৰ পৰা হাতখন নুগুচোৱাকৈয়ে ক’লে৷

চকুদুটা ঢাকি ৰাখিছে যদিও তেওঁ যে মনে মনে কান্দি আছে সেইটো বুজি পাইছে তেওঁ৷ কান্দিবই৷ দেউতাকে নিজেও জানো কম দুখ পাইছে৷ আকাংক্ষাই তেওঁলোকৰ একমাত্ৰ ছোৱালী৷ যিমান যি হ’লেও, তাই তেওঁলোকৰ বাবে  মৃত বুলি মানুহৰ আগত ঘোষণা কৰিলেও অন্তৰেৰে জানো এই কথা মানি ল’ব পাৰিছে! তাইৰ ওপৰত হাজাৰ খং উঠিলেও মনেৰে জানো তেৱোঁ তাই কেনেকৈ, ক’ত আছে জানিবলৈ ইচ্ছা কৰা নাই? হলেও আকাংক্ষাৰ মাকৰ দুৰৱস্থা দেখি তেওঁৰ দুখ লাগিব লাগিছিল৷ অথচ পুত্ৰীৰ বিৰহত কাতৰ হৈ পৰা মানুহজনীক দেখি তেওঁৰ দেখোন অনুকম্পা জগা নাই! মনৰ কোনোবা এটা কোণত পত্নীৰ প্ৰতি তেওঁ পুহি ৰখা ক্ষোভহে ইয়াৰ কাৰণ নেকি? নিজৰ মনটোকে তেওঁ কেতিয়াবা বুজি নোপোৱা হয়৷ আচলতে আকাংক্ষাৰ জন্মৰ আগতেই পত্নীয়ে বিভিন্ন অসুবিধাৰ দোহাই দি তেওঁক জন্মঘৰখনৰ পৰা আঁতৰাই আনিছিল৷ প্ৰথমে কেতিয়াবা পাতলীয়াকৈ অহা যোৱা কৰি তেওঁ মাক দেউতাকৰ খবৰ ৰাখিছিল যদিও পত্নীৰ সেইটোতো আপত্তি দেখা পাই সংসাৰত আওল নালাগক বুলিয়েই তেওঁ ঘৰৰ মানুহখিনিৰ লগত সম্পৰ্ক ৰাখিবলৈ এৰি দিছিল৷ তেওঁৰ এই কাৰ্য্যত পত্নী সুখী হৈছিল৷ কিন্তু ভিতৰি মৰি মৰি তেওঁ পত্নীৰ সৈতে সুখী হোৱাৰ অভিনয় কৰিছিল৷ সংসাৰ ঠিকেই চলি আছিল৷ মাত্ৰ পত্নীৰ প্ৰতি থকা তেওঁৰ অন্তৰৰ প্ৰেম হেৰাই গৈছিল৷ ভালপোৱাবিহীন সম্পৰ্ক এটাত কেৱলমাত্ৰ আকাংক্ষাৰ বাবেই বান্ধ খাই ৰৈ গৈছিল৷  কেৱলমাত্ৰ নাৰীয়েই নিৰ্যাতিত হয়নে! পুৰুষো হয়৷ জন্মদিয়া পিতা মাতা, ককাই ভনীৰ সৈতে সম্পৰ্ক চেদ কৰিবলৈ বাধ্য কৰোৱাটো কি নিৰ্যাতন নহয়? বুকুৰ আপোন মানুহৰ সৈতে বিছিন্ন হ’বলগা হলে কেনে অনুভৱ হয় সেয়া পত্নীয়ে এতিয়া বুজি উঠিছে নিশ্চয়৷ 


"বাইদেউ৷ আলহী আহিছে৷"


কামকৰা মীনাই আহি খবৰ দিলেহি৷ 


"কোন আহিছে?"


আকাংক্ষাৰ দেউতাকে সৰুকৈ সুধিলে৷ কলিংবেলৰ শব্দত তেওঁ কোনোবা অহা গম পাইছিল৷


"বৰুৱানী বাইদেউ আৰু হাজৰিকানী বাইদেউ৷"


"তই বহিবলৈ দে গৈ যাচোন৷ হেৰা, উঠা৷ বৰুৱানীহঁতক মাত এষাৰ দিয়াগৈচোন৷"


তাইক পঠিয়াই তেওঁ এইবাৰ বিচনাত পৰি থকা পত্নীক ক’লে৷ যাওঁ নাযাওঁকৈ আকাংক্ষাৰ মাকে চকু মুখত পানী মাৰি স্বাভাৱিক হ’বলৈ চেষ্টা কৰি মানুহদুগৰাকীৰ ওচৰলৈ বুলি ওলাই গ’ল৷ তেওঁ বৰুৱানীহঁতক মাতষাৰ দিবলৈ যাবলৈ সংকোচবোধ কৰি কম ভলিউমত টি ভিতোকে লগাই চাই থাকিল৷ দহমিনিটমানৰ পাছতে ঘুৰি আহি পুনৰ বিচনাত পৰা পত্নীক তেওঁ সুধিলে,


"বৰুৱানীহঁত গ’ল নেকি?"


"গ’ল৷"


"ইমান সোনকালে গ’ল যে! কিয় আহিছিল?"


"কিয় আহিব আৰু! মোৰ ৰং চাবলৈ আহিছিল৷ লেৰেলা সাদৰ দেখুৱাই গেলা ঘাঁত চেঙা তেল দিবলৈ আহিছিল৷"


"মানুহৰ কথা কিয় ইমান বেয়াকৈ কোৱা? কথাবোৰ সদায় নিগেটিভলি নাভাবিবা৷"


আকাংক্ষাৰ দেউতাকৰ কথাত জাঙুৰ খাই উঠিল আকাংক্ষাৰ মাক৷


"মোক ভুল ধৰিবলৈ নাহিবা৷ সান্ত্বনা দিবলৈ আহে মোক! নিজৰ বা কি অৱস্থা! বৰুৱানীৰ পুতেকে দেখোন ছোৱালী চুৰ কৰি আনি এবাৰ জেলটো সোমাইছিলগৈ৷ হাজৰীকানীৰ জীয়েকৰ কথাবোৰো নাজানো বুলি ভাবিছে হ’বলা! উকটি দিম বুলিয়েই ভাবিছিলোঁ৷ মনে মনে শুনি থাকিবলৈ মই তোমাৰ দৰে নহয়৷"


"মোৰ দৰে তুমি কেনেকৈ হ’বা? মই তোমাৰ দৰে আনক প্ৰতিটো কথাতে সমালোচনা নকৰোঁ৷ কাকো আইনা দেখুৱাবলৈয়ো নাযাওঁ৷ কাৰণ আনক আইনা দেখুৱাবলৈ যোৱাবোৰে আইনাত নিজৰ প্ৰতিবিম্বটো অদেখা কৰে৷ নিজৰ গাত চিকুটি চাইছানে কেতিয়াবা? আনৰ প্ৰতিটো কথাতে খুঁত উলিওৱা তোমাৰ এই প্ৰকৃতিটোৰ কাৰণ তোমাৰ হীনমন্যতা নহয়নে? তোমাৰ এই স্বভাৱবোৰৰ বাবেই যে মই লাহে লাহে তোমাৰপৰা মানসিকভাৱে আঁতৰ হৈ আহিলোঁ কোনোবাদিনা তুমি অনুভৱ কৰিলানে?"


আনকালে কেতিয়াও নোকোৱা কথাবোৰ আজি আকাংক্ষাৰ দেউতাকৰ মুখৰপৰা স্বতঃস্ফূৰ্তভাৱে ওলাই গ’ল৷


"তোমাৰ যদি মোৰ প্ৰতি একো টানেই নাছিল তেন্তে নকলা কিয়? তোমাক বান্ধি নাৰাখিলোহেঁতেন নহয়৷ দৰকাৰ হলে এতিয়াও ডিভোৰ্চ দিবলৈ মই প্ৰস্তুত৷ অকলেই থাকিব পাৰিম মই৷ কি বুলি ভাবিছা মোক?"


তেওঁ পত্নীৰ কথাত আৰু একো নকলে৷ মানসিকভাৱে দৈন্য মানুহজনীলৈ তেওঁৰ পুতৌ উপজিল৷ হাজৰিকাৰ জীয়েকৰ বিয়া ওলাইছে বুলি তেওঁ শুনা পাইছিল৷ সম্ভৱতঃ বিয়া মাতিবলৈ আহিছিল বুলি অনুমান এটা কৰিলে আকাংক্ষাৰ দেউতাকে৷


"বাইদেউ, আৰু কোনোবা মানুহ এজনী আহিছে৷"


আকাংক্ষাৰ মাকে চাগৈ মুখখন আৰু মেলিলহেঁতেন, ভাগ্যে কোনোবা এগৰাকী আহি ওলাল৷ আকাংক্ষাৰ দেউতাকে মনে মনে ভালেই পালে৷


"আকৌ কোন আহিল বাৰু? যতচব অশান্তিৰ জীৱবোৰ!"


আকাংক্ষাৰ মাকে বিৰক্তি প্ৰকাশ কৰিলে৷ আকাংক্ষাৰ দেউতাক ওলাই গ’ল বাহিৰলৈ৷ সুন্দৰ ব্যক্তিত্বৰ মহিলা এগৰাকী ৰৈ আছে বাৰাণ্ডাত৷ মহিলাগৰাকীক আগতে দেখা তেওঁৰ মনত নপৰিল৷


"কাক বিচাৰিছে বাৰু?"


"নমস্কাৰ৷ আপুনি আকাংক্ষাৰ দেউতাক নহয় জানো? মোৰ নাম অৱন্তিকা চৌধুৰী৷ আপোনাৰ লগত অলপ কথা পাতিব পাৰোঁনে?"


আগলৈ


No comments:

Post a Comment