www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, August 4, 2021

অন্য এক অথেল’ (৩৫)

 (৩৫)


#অন্য_এক_অথেল’


       ছোৱালী মাইচেনা এতিয়া ন-ছোৱালী৷ সেইদিনা তেনেকৈ গুচি অহাৰ পাছত ৰবীনৰ ঘৰ আহি সোমাওতে নিশাই হৈছিল৷ দুয়োজনী বায়েকক বিয়া দিয়াৰ পাছত ৰবীনৰ ঘৰত কেৱল মাক আৰু ভায়েক৷  মাকজনীৰ বয়স হৈছে৷ তাই অৱশ্যে ৰবীনৰ মাকক আগতে অনিমাখুৰীহঁতৰ ঘৰত দুই এবাৰ লগ পাইছে৷ সহজ সৰল মানুহজনী৷ তেওঁ সম্ভৱতঃ সকলোবোৰ আগতেই জানিছিল৷ সেয়ে একো আপত্তি নকৰাকৈয়ে তাইক ভিতৰলৈ লৈ গৈছিল৷ ঘৰ-দুৱাৰ সিহঁতৰ দৰেই৷ মাত্ৰ ওপৰৰ ছালখন সিহঁতৰ ঘৰৰ দৰে খেৰেৰে চোৱা নহয়, টিনপাত লগোৱা৷ মাকে সাউতকৈ ওচৰৰ কাৰোবাক কাৰোবাক চিঞৰি মাতিছিল৷ খন্তেকতে কেইবাগৰাকীও মানুহ  গোট খাইছিল৷ তেওঁলোকে তাইৰ সেঁওতাত সেন্দূৰ দি ৰবীন আৰু মাকক সেৱা কৰোৱাই একেনিশাৰ ভিতৰতে তাইৰ অস্তিত্বই সলনি কৰি পেলাইছিল৷ আগদিনাৰ জীয়ৰী মাইচেনা আজি ৰবীনৰ মাকৰ বোৱাৰী, ৰবীনৰ পত্নী৷ তাৰ ভায়েকৰ বাবে নবৌয়েক৷ সঁচাকৈয়ে নাৰীৰ জীৱনটো যে! 

           দিনবোৰ গৈ আছিল৷ লাহে লাহে ৰবীনৰ ঘৰখনক নিজৰ বুলি আকোঁৱালি লৈ তাই ৰবীনৰ মাকৰ দিহামতেই কামবোৰ কৰি গৈছিল৷ লাহে লাহে মাইচেনাৰ কথামতেহে সকলো কাম আগবাঢ়িছিল৷ বয়স হৈ অহা ৰবীনৰ মাকে মাইচেনাৰ হাতত সমস্ত দায়িত্ব দি দিছিল৷ কি কঠীয়া পাৰিব লাগিব, মাটি কেইডৰা বোকা দিব, ৰুবলৈ কাক কাক মাতিব সকলো কথা মাইচেনাইহে জনা হ’ল৷ গাঁৱৰ কাৰোবাৰ ঘৰত ছোৱালীৰ তামোল-পাণ পেলোৱা, কাৰোবাৰ ঘৰত সকাম বা নোৱাই তোলনি বিয়াখনতো মাইচেনা থাকিবই লাগিব৷ সৰবৰহী মাইচেনাক নতুন ঘৰখনৰ লগতে নতুন সমাজখনেও আকোঁৱালি লোৱাত তাই সুখী হৈছিল৷ তাতে ৰবীনৰ মৰমত তাই কামক কাম বুলি গণ্য কৰা নাছিল৷ কিন্তু আন এটা কথাইহে তাইক মনে মনে কষ্ট দি আছিল৷  মাক-দেউতাকে তেতিয়ালৈকে তাইক আদৰি লোৱা নাছিল৷ ৰবীনক জোৱাই বুলি স্বীকৃতি দিয়া নাছিল৷ জন্মঘৰখনলৈ যাবলৈ, মাক-দেউতাক, বাই-ভনী, ককাই-ভাইহঁতক লগ পাবলৈ তাই উদগ্ৰীৱ হৈ আছিল৷ কিবা এটা নোপোৱাৰ বেদনাত কোনোবাটো সময়ত তাইৰ অন্তৰখন চটফটাইছিল৷

         এবছৰৰ পাছত তাইৰ কোলালৈ সোনজনী আহিল৷ বগা, গোল মুখৰ ফুটফুটীয়া ছোৱালীজনী৷ তাই আহি নিমাওমাও ঘৰখন মুখৰ কৰি তুলিলেহি৷ পোহৰ পোহৰ হৈ পৰিল যেন সিহঁতৰ চৌদিশ! কপাহ কোমল সোনজনীৰ ভূবনভোলোৱা হাঁহিটো উপেক্ষা কৰাৰ সাধ্য কাৰ আছিল? আকোৰগোঁজ ককাকৰো নাছিল৷ সোনজনীৰ হাঁহিয়ে মাইচেনাৰ দেউতাকৰ অন্তৰ একেবাৰে গলাই পেলাইছিল৷ অনিমা খুৰীয়েকৰ ঘৰলৈ যোৱা মাইচেনাক দেউতাকে ঘৰলৈ আহিবলৈ সেউজ সংকেত দিছিল৷ বাই-ভনী, ককাই-ভাইহঁতক লগ পাই আপোনপাহৰা হৈছিল তাই৷ মাক দেউতাকৰ ওপৰত থকা ক্ষোভবোৰ তেতিয়ালৈ ক’ৰবালৈ গুচি গৈছিল৷ মাইচেনাৰ আৰু একো আক্ষেপ নাছিল৷ দুয়োখন ঘৰে ইঘৰে সিঘৰক মিতিৰ বুলি দিয়া স্বীকৃতিটোয়ে তাইৰ অন্তৰখন শাঁত পেলাইছিল৷ 

         পুনৰ সুখী হবলৈ কচৰৎ কৰিছিল তাই৷ তাৰ মাজতেই ঘটি গৈছিল এটি অনাকাংক্ষিত ঘটনা৷ ৰবীনৰ একমাত্ৰ ভায়েকটো ঘৰৰ পৰা নোহোৱা হৈছিল৷ গজলীয়া ডেকাল’ৰা৷ ক’লৈ বা গ’ল৷ কাকো একো নোকোৱাকৈ ঘৰ এৰি গুচি যোৱা দেওৰেকটোলৈ বেয়া লাগিলেও মনে মনে অকনমাণ খঙো উঠিছিল মাইচেনাৰ৷ ককায়েকে গালি পাৰিলে বুলিয়েইনো সি ঘৰ এৰি গুচি যাব লাগেনে? অনবৰতে ঘৰ, পথাৰ, বাৰী কৰি ফুৰা ককায়েকটোয়ে একো কাম বন নকৰি লগৰ দুটামানৰ সৈতে দিনৰ দিনটো ঘূৰি পকি নিশা এডোখৰত আহি ঘৰ সোমোৱা ভায়েকক ককায়েক হিচাপে একো এটা নকবনে? তাৰ বয়সৰ ল’ৰাই এজনী আনো বুলিলে আনিব পৰা হৈছে৷ কাম এটা হাতত লৈ, জীৱনটোৰ বাবে সাজু হ’বলৈ কোৱাটো জানো অপৰাধ? তাক হেৰুৱাই দুখত ভাঙি পৰা ককায়েকটো আৰু মাকজনীক চম্ভালি লোৱাৰ দায়িত্বও মাইচেনাই মূৰ পাতি লৈছিল৷ বহুতো বিচাৰ খোচাৰ কৰিও তাৰ একো সম্ভেদ পোৱা নগৈছিল৷ লাহে লাহে কথাবোৰ এদিন সহজ হৈ আহিছিল৷ শোকৰ ভৰত দোঁ খাই থকা মাকজনীয়ে মূৰ তুলিছিল৷ ৰবীনেও আকৌ আগৰ দৰে লাহে লাহে ঘৰৰ কামত মন দিছিল৷ এদিন নহয় এদিন সি আকৌ ঘূৰি আহিব বুলি নেদেখাজনৰ ওপৰত ভৰসা ৰাখি সুস্থিৰ হৈছিল দুয়ো৷ 


আগলৈ


No comments:

Post a Comment