www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, August 4, 2021

অন্য এক অথেল’ (৩৬)

 (৩৬)


#অন্য_এক_অথেল’


       সোনজনী অলপ ডাঙৰ হৈছিল৷ তাইক ওচৰৰে এল্ পি স্কুলখনত নাম লগাই দিছিল৷ আহাৰমহীয়া, খেতিৰ ভৰপক দিনবোৰৰ মাজতে এদিন ৰাতিপুৱা গাঁৱত হুৱাদুৱা লাগিছিল৷ মাইচেনাই আগৰাতিয়েই খচি থোৱা গোবৰ মাটিৰে পিৰালিটো ৰঙাকৈ মচি অঁতাইছিলহে, হুলস্থূল শুনি শাহুয়েকক মাতষাৰ মাতি ক’ত কি হৈছে বুলি দৌৰমাৰি চাবলৈ গৈছিল৷ গাঁৱৰ কেঁচা আলিবাটতো আগৰাতি দিয়া দপদপীয়া বৰষুণজাকৰ বাবে পিচল হৈ আছিল৷ তাইক যোৱা দেখি গোট খাই থকা মানুহৰ জুমটোয়ে যেন বাট এৰি দিছিল৷ কেঁচা আলিটোৰ মাজে মাজে দ অংশবোৰত পানী জমা হৈ আছিল৷ সেই জমা পানীৰ ডাঙৰ ডোঙা এটাত বিজুলীৰ তাঁৰ এডাল চিঙি পৰি আছিল, আৰু, আৰু তাৰ কাষতে পৰি আছিল হালবাবলৈ বুলি ওলাই যোৱা ৰবীন৷ বিকট চিঞৰ এটা মাৰি মানুহটোৰ ওপৰত উবুৰি খাই পৰিব খোজা মাইচেনাক কোনোবাই টানি ধৰি ৰখোৱাৰ পাছত আৰু কি হৈছিল তাইৰ একো মনত নাছিল৷


"মাইচেনা বাইদেউ৷ কি হ’ল? আপোনাৰ চকুত চকুপানী যে!"


আকাংক্ষাৰ মাততহে মাইচেনা বাস্তৱলৈ ঘুৰি আহিল৷ আবেলি খন্তেকমান বিচনাত পৰি দি মনটোক অতীতত বিচৰণ কৰিবলৈ এৰি দিছিল৷ 


"অতীতটোক পাহৰো বুলিও পাহৰিব নোৱাৰোঁ অ'৷ বাৰে বাৰে আগৰ কথাবোৰ মনলৈ আহি থাকে৷"


মাইচেনাই চাদৰৰ আঁচলেৰে বিৰিঙি উঠা চকুপানীখিনি মচি পেলালে৷


"তোমাক কোৱাই নাই নহয়৷ মোৰ ছোৱালী এজনীও আছে৷ তাইক মোৰ ডাঙৰজনী বাইদেৱে লগত ৰাখি কলেজত পঢ়ুৱাইছে৷ বাপেক ঢুকুৱাৰ পাছত চলিবলৈ বৰ দিগদাৰি হৈছিল৷  অত ত’ত কাম কৰি  সংসাৰখন চলাই আছিলোঁ৷ তেনেতে এদিন হেৰাই যোৱা দেওৰটোও পৰিয়ালসহ আহি ওলাইছিলহি৷ ঘৰৰ পৰা পলাই গৈ অৰুণাচলৰ কোনোবা কাঠৰ মিল এটাত কাম কৰি থাকোঁতে তাতে লগ পোৱা ছোৱালী এজনীক বিয়া কৰাইছিল৷ ল’ৰা এটাৰ বাপেকীও হৈছিল৷ সি আহি পোৱাৰ পাছত কিছুদিন ভালেৰেই গৈছিল৷ টকা পইচাৰ অভাৱৰ বাবেই কাঁজিয়া পেচালবোৰ হৈ আছিল৷ অশান্তি পাই এদিন সোনজনীক বুকুত বান্ধি ওলাই আহিলোঁ৷ মাৰ ঘৰতো ৰাখিবলৈ টান পালে৷ দুজনীকৈ মানুহক খুৱাই থাকিব পৰাকৈ ঘৰৰ অৱস্থাও ভাল নাছিল৷ পাছত যেনিবা ডাঙৰ বাইদেৱে সোনজনীক লগত ৰাখি পঢ়ুৱাৰ দায়িত্ব ল’লে৷ গাঁৱৰে ল’ৰা এটাই এইখন আশ্ৰমৰ খবৰ দিলে৷ সেই যে ইয়ালৈ আহিলোঁ, থাকিয়েই গলোঁ৷ মাজে মাজে সোনজনীৰ লগত ফোনত কথা পাতোঁ৷ পাচবুকত মাহে মাহে পইচা ভৰাই দিওঁ৷ ঘৰলৈ গ’লে ছোৱালীৰ মোহত বান্ধ খাই যদি আহিবলৈ মন নাযায় সেই ভাবিয়েই নাযাওঁ৷ ইয়াত ল’ৰাছোৱালীহঁতৰ মাজত থাকি শান্তি পাওঁ৷ সোনজনী পঢ়ি শুনি মানুহ হওক, তাৰ বাদে মোৰ আৰু আন আশা নাই৷" 


একেলেঠাৰীয়ে কথাবোৰ কৈ মাইচেনা অলপ ৰ’ল৷  আকাংক্ষাই মনে মনে মাথোঁঁ শুনি থাকিল৷ ক’বনো কি? সান্ত্বনা দিবনো কেনেকৈ? নিজৰে যন্ত্ৰণাৰ ভৰ কেনেকৈ সহিব ভাবি পাৰ পোৱা নাই, আনৰ যন্ত্ৰণা কমোৱাৰ উপদেশ দিয়েইবা কেনেকৈ! সময়ে জানো সকলো নিৰাময় কৰিব পাৰে? আচলতে নোৱাৰে চাগৈ! সময়ে মাথোঁঁ যন্ত্ৰণা সহিব পৰাকৈ মানুহক কঠিনহে কৰি তোলে৷


আগলৈ


No comments:

Post a Comment