(৩৭)
#অন্য_এক_অথেল’
"আঠ নম্বৰ৷ সোমাব পাৰে আপুনি৷"
ৱেইটিং ৰুমত বহি থকা বিপাক্ষী এইবাৰ সষ্টম হৈ উঠিল৷ তাইৰ ন’ নম্বৰ৷ এইজন ৰোগীৰ পাছত তাই ডাক্তৰ থকা কোঠাটোলৈ সোমাব পাৰিব৷ বেৰত লাগি থকা ঘড়ীটোলৈ চকু দিলে তাই৷ এঘাৰটা বাজি পোন্ধৰ মিনিট গ’ল৷ মোবাইলটোকে উলিয়াই তাই এনেয়েই কিবা কিবি চাই থাকিল৷ বিপাক্ষী সিহঁতৰ চহৰৰে এগৰাকী মানসিক ৰোগ বিশেষজ্ঞ ডাঃ মানসী বৰকাকতিৰ ওচৰলৈ আহিছে৷ উদ্দেশ্য ৰশ্মিয়ে তাইক যিটো ৰোগৰ বিষয়ে ক’লে সেইটোৰ বিষয়ে কিছু জনা৷ পঁচিশ মিনিটমান যোৱাৰ পাছতহে তাইৰ পাল পৰিল৷
"ন’ নম্বৰ সোমাই যাওক৷"
এটেন্ডেন্স ৰেজিষ্টাৰখন মেইনটেইন কৰা ছোৱালীজনীৰ মাতত বিপাক্ষী লৰালৰিকৈ উঠি গ’ল৷ ডাক্তৰৰ কোঠাৰ দৰ্জাখন লাহেকৈ থেলি তাই খন্তেক ৰৈ দিলে৷
"সোমাব পাৰোঁনে বাইদেউ?"
চেক্ৰেটৰীয়েট টেবুলখনৰ সিপাৰে ৰিভলভিং চেয়াৰখনত মধ্যবয়সীয়া ডাক্তৰগৰাকী বহি আছে৷
"আহক৷"
তেখেতে তাইক ভিতৰলৈ মাতি সন্মুখৰ চকীখনত বহিবলৈ ইংগিত কৰিলে৷ তাই সোমাই যোৱাৰে পৰা তাই বহালৈকে তেখেতে তাইক তীক্ষ্ণদৃষ্টিৰে নিৰীক্ষণ কৰি থাকিল৷
"কওকচোন আপোনাৰ সমস্যাটো কি?"
বিপাক্ষীয়ে বুজিলে, তেখেতে তাইকেই ৰোগী বুলি সন্দেহ কৰিছে৷
"বাইদেউ, মোৰ হাজবেণ্ডৰহে কিছু সমস্যা হৈ আছে৷ সেয়ে সেই বিষয়ে জানিবলৈহে মই আপোনাৰ ওচৰলৈ আহিছোঁ৷"
"কওকচোন৷ আপোনাৰ কথাবোৰ শুনি লৈহে মই মোৰ মন্তব্য আগবঢ়াব পাৰিম৷"
বিপাক্ষীয়ে এফালৰ পৰা সকলো কথা কৈ গ’ল৷ ডাক্তৰ মানসীয়ে মাজে মাজে দুই এটা প্ৰশ্ন কৰি গ’ল৷ তাইৰ কথাবোৰ মন দি শুনি ডাঃ মানসীয়ে তাইক ৰোগটোৰ বিষয়ে কিছু কথা ক’লে৷ তেখেতেও শশাংকৰ ব্যৱহাৰৰ বিষয়ে শুনি এয়া অথেল’ চিনদ্ৰম বুলিয়েই ঠাৱৰ কৰিছে৷
"সাধাৰণতে এনে ৰোগীয়ে মনতে ধাৰণা কৰে যে তেওঁৰ সংগীয়ে তেওঁক কেতিয়াবা এৰি গুচি যাব পাৰে আৰু সেয়ে তেওঁ নিৰাপত্তাহীনতাত ভূগিব পাৰে৷ তেওঁ হয়তো তেওঁক সংগীয়ে পৰ্যাপ্ত গুৰুত্ব দিয়া নাই বুলি মনত আঘাত পাব নাইবা অপমানিত বোধ কৰিব অথবা উত্তেজিত হৈ খং উঠিব৷ এতিয়া তেওঁৰ মনৰ এই ধাৰণাৰ আঁৰৰ কাৰণটো কি সেইটো আমি জানিব লাগিব৷ তেওঁনো কিয় নিৰাপত্তাহীন যেন অনুভৱ কৰিছে, বা কিবা মানসিক বিপৰ্যয়তে ভূগিছে নেকি! অথবা তেওঁৰ নাৰ্চিষ্টিক টেণ্ডেন্সি আছে নেকি এনেধৰনৰ কিছুমান কথা চালিজাৰি চাওঁ৷"
"এজন ৰোগী হিচাপে তেওঁৰ প্ৰতি কৰনীয় কি হ’ব বাৰু?"
বিপাক্ষীয়ে জানিবলৈ বিচাৰিলে৷ ইমানদিনে এজন পজেচিভ্ স্বামী হিচাপে গণ্য কৰি অহা শশাংকক এতিয়া তাই এজন ৰোগীৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে৷
"এনে ৰোগীক আচলতে তেওঁৰ সংগীয়ে নিজৰ সময় দিব লাগিব৷ তেওঁৰ প্ৰতি যে সংগী মনোযোগী সেয়া বুজিবলৈ দি তেওঁৰ মনলৈ নিৰাপত্তা আনিবলৈ চেষ্টা কৰিব লাগিব৷ ৰোগীৰ অভিযোগবোৰ শান্তভাৱে খণ্ডন কৰিবলৈ চাব লাগিব৷ ৰোগীৰ পৰা আঁতৰি থাকিলে তেওঁৰ উৎকণ্ঠা বৃদ্ধি হৈ তেওঁক বেছি সন্দেহবাদী আৰু খঙাল কৰি তুলিব৷ কেতিয়াবা এনেধৰণৰ পৰিস্থিতিত ৰোগীয়ে সংগীক একো কৰিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিব পাৰে৷"
ডাঃ মানসীৰ শেষৰ কথাটো শুনি বিপাক্ষীৰ বুকুখন ঢক্ কৈ মাৰিলে৷
"এটা কাম কৰক৷ ৰোগীক মোৰ ওচৰলৈ লৈ আহক৷ মই কি কৰিব পাৰোঁ চাওঁ৷ তাৰ আগতে তেওঁৰ বিষয়ে আৰু কিছুমান ইনফৰমেশ্যন লাগিব৷ তেওঁৰ নিচাৰ প্ৰতি আসক্তি আছেনেকি, নাইবা মস্তিস্কৰ কিবা ৰোগত ভূগিছেনেকি বা কিবা কাৰণে তেওঁৰ যৌনশক্তি হ্ৰাস পাইছেনেকি এই সকলোবোৰ কথা বিচাৰ কৰি চাব লাগিব৷ তেওঁৰ পাষ্ট লাইফৰ কিবা ঘটনা বা অসুখে তেওঁৰ বৰ্তমানত প্ৰভাৱ পেলাইছে নেকি সেইবোৰ কথা আগতিয়াকৈ জানি আগবাঢ়িলে ভাল হয়৷ চেৰিব্ৰেল ইঞ্জুৰিও এই ৰোগৰ কাৰণ হ’ব পাৰে৷ আকৌ কেতিয়াবা আত্মবিশ্বাসহীন লোকো এনে ৰোগৰ চিকাৰ হোৱা দেখা যায়৷"
"হ’ব বাইদেউ৷ মই যেনে তেনে তেওঁক কনভিন্স কৰি আপোনাৰ ওচৰলৈ লৈ আনিবলৈ চাম৷"
বিপাক্ষী ডাঃ মানসীৰ চেম্বাৰৰ পৰা ওলায় আহি অটোত বহিলহি৷ মনত তাইৰ অনেক চিন্তাৰ পাকঘূৰণি৷ সঁচাকৈয়ে মানুহৰ মস্তিস্ক সকলোতকৈ জটিল আৰু ৰহস্যময় অংগ! কি কি ধৰণৰ যে মনঃস্তত্ত্ব দেখা পোৱা যায়! ডাক্তৰ মানসীৰ ওচৰলৈ শশাংকক লৈ যাব বুলি বিপাক্ষীয়ে ঘপহকৈ কৈ দিলে৷ পিছে সি জানো যাবলৈ সন্মত হ’ব? নিজকে ৰোগী বুলি সি জানো মানি ল’ব? কোনে ক’ব তাক? তাৰটো নিজৰ বুলিবলৈ তাইৰ বাদে কোনোৱেই নাই!
আগলৈ
No comments:
Post a Comment