www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, September 11, 2021

অন্য এক অথেল’ (৫৪)

 (৫৪)


#অন্য_এক_অথেল'


          বিপাক্ষীহঁতক আজি পংকজহঁতৰ ঘৰলৈ ভাত খাবলৈ মাতিছে৷ বিশ্ববিদ্যালয় দুদিনমান বন্ধ থকাৰ সুযোগত নিশাও আহি ঘৰত আছেহি৷ অৱলীলাক্ৰমে নিশাৰ জন্মদিনো বন্ধৰ ভিতৰতেই পৰাৰ বাবে সকলোয়ে ভালেই পালে৷ দিনৰ সাজটো সকলোয়ে মিলি জুলি ৰান্ধি খাবগৈ লাগিব বুলি পংকজৰ মাকে কৈয়েই গৈছিল৷ সেইমতে বিপাক্ষীৰ বৌয়েকে হাঁহৰ মাংস ৰান্ধিলেগৈ৷ বৰালি মাছৰ ঔটেঙা দিয়া আঞ্জাখনৰ দায়িত্ব পংকজৰ মাকে ল’লে৷ বিপাক্ষী আৰু নিশাই চালাদ, চাটনিৰ যোগাৰ কৰাৰ লগতে মিহলি ভাজি এখনো কৰিলে৷ ৰাতিপুৱা গোঁসাইঠাইত দিবলৈ পায়সকণ বিপাক্ষীৰ মাকেই সিজাই দিলেহি৷ পংকজে জন্মদিন বুলি বেকাৰীৰ পৰা ভনীয়েকলৈ কেক্ এটাও আনি দিলে৷ মুঠতে নিশাৰ জন্মদিনটো স্ফূৰ্তিৰেই পালন কৰিলে৷ ভাত খাই উঠি নিশাক পাকঘৰ সামৰাত অলপ সহায় কৰি দি বিপাক্ষী আৰু বৌয়েক যাবলৈ ওলাল৷ ককায়েক ইতিমধ্যে গ’লেই৷ তাৰ এফালে যাবলগীয়া আছে বাবে কিছু সোনকালে গ’ল৷ মাকেহে অলসভাৱে তামোল চোবাই চোবাই পংকজৰ মাকৰ সৈতে কথা পাতি আছে৷


"আমি গৈ থাকোঁ খুৰী৷ মা বহিলে বহক বাৰু৷"


বিপাক্ষীয়ে মাত লগালে পংকজৰ মাকক৷


"ৰহচোন৷ ইমান সোনকালে যাৱইনে? ঘৰলৈ গৈনো কি কৰিবি৷ গধূলি গলেও হ’ব৷ বহ৷ এনেই নাহইচোন৷"


পংকজৰ মাকে সিহঁতক আৰু অলপসময় থাকিবলৈ জোৰ কৰিলে৷


"খুৰী, কিয় নাহোনো৷ মাজে মাজে আহিয়েই থাকো দেখোন৷ ভালেমানদিন ৰদেই নাছিল৷ আজি ৰদটো ওলোৱা দেখি দুয়োজনীয়ে মিলি এগালমান কাপোৰ ধুলোঁ৷ সেইবোৰ সামৰি সুঁতৰি থওঁগৈ৷ নিশা থাকিবনহয় দুদিনমান৷ আহিয়েই থাকিম৷"


বিপাক্ষীহঁতে বিদায় ল’লে এইবাৰ৷ আচলতে ভাগৰ লগাৰ দৰেও লাগিছে দুয়োজনীৰে৷ অকনমাণ বিচনাত দীঘল দিব পাৰিলেহে ভাল লাগিব৷

      ঘৰলৈ আহি বিপাক্ষীয়ে বৌয়েকৰ লগ লাগি ধোৱা কাপোৰবোৰ ভৰালে৷ তাই কাপোৰ জপাত লাগি থাকোঁতেই বৌয়েকে ঘৰটো এবাৰ সাৰি পেলালে৷ পংকজহঁতৰ ঘৰলৈ ৰাতিপুৱা খৰধৰকৈ যাবলগীয়া হোৱাত ঘৰটো ভালকৈ চাফা কৰিবলৈ সময়েই নাপালে৷ 


"অকনমাণ বিচনাতে বাগৰ দিয়াগৈ যোৱা৷ ময়ো যাওঁ৷ কঁকালটো থনথনাইছে৷ কাম যি থাকে থাকক আৰু৷ দেৰিকৈ কৰিম৷"


বৌয়েকে বিপাক্ষীৰ হাতৰ পৰা কাপোৰকেইটা লৈ তাইক জিৰাবলৈ পাচিলে৷


"তুমি যোৱাচোন বৌ৷ মই কাপোৰকেইটা জাপিয়েই যাম৷ ৰাতিপুৱাৰেপৰা টাকুৰি ঘুৰাদি তুমিহে ঘুৰিছা৷"


বৌয়েকক জোৰকৈ জিৰণি লবলৈ পঠিয়াই তাই বাকী থকা কাপোৰকেইটা জাপি ল’লে৷ তাৰপাছতহে তায়ো খন্তেকমান বিচনাত পৰোঁ বুলি গ’ল৷ মোবাইলটো চুইচড্ অফ কৰিয়েই থৈ গৈছিল৷ সেইটোও তাই হাততে লৈ গ’ল৷

        বিচনাত দীঘল দিহে ভাল লাগিল তাইৰ৷ মোবাইলটো অন কৰি গাৰুৰ কাষতে থৈ দিলে বিপাক্ষীয়ে৷ আজি ৰশ্মিয়েও ফোন কৰাৰ কথা আছিল৷ তাই পাহৰি ফোন অফ কৰি গুচি গৈছিল৷ অলপসময় চাব৷ নকৰিলে তাই নিজেই এটা ফোন কৰিব৷ 

      

"মাজনী, মাজনী,শুলি নেকি?"


উধাতু খাই মতাৰ দৰে মাতি মাক কোঠালৈ সোমাই আহিল৷


"তই আহিলি হ’বলা৷ টোপনি যোৱা নাই৷ এনেই পৰি আছোঁ৷ কি হ’ল৷ বৰ টেনশ্যনত অহাৰ দৰে আহিলি যে? কিবা হ’ল নেকি?"


মাকক উদ্বিগ্ন দেখা পায় বিপাক্ষী বিচনাত বহি পৰিল৷


"চাহিচোন৷ বাহিৰত গাড়ী এখন ৰৈছেহি৷ জোঁৱাইৰ গাড়ীখনৰ দৰে একেই দেখিছোঁ৷"


মাকৰ কথাত বুকুখন ঢিপিংকৈ মাৰিলে বিপাক্ষীৰ৷ শশাংক নেকি আকৌ কেনেবাকৈ? ভৰিত হাৱাই চেণ্ডেলজোৰ সোমোৱাই তাই খৰধৰকৈ কোঠাৰপৰা ওলাই গ’ল৷ গেটলৈকে দেখা পোৱা, বহা কোঠাৰ খিৰিকীখনৰ পৰ্দা আঁতৰাই চাই তাই দেখিলে, মাকে ঠিকেই ধৰিছিল৷ সেইখন শশাংকৰ গাড়ীয়েই হয়৷ গেটখন খুলি ধীৰ খোজেৰে বাৰাণ্ডাত উঠা শশাংকক দেখি বিপাক্ষী কিংকৰ্তব্যবিমূঢ় হৈ পৰিল৷ তাই স্থবিৰ হৈ ৰৈ থকাৰ বিপৰীতে মাকে দৰ্জাখন বহলকৈ মেলি মাত দিলে,


"সোমাই আহা জোঁৱাই৷"


আগলৈ


No comments:

Post a Comment