www.hunguti.in

Breaking

www.hunguti.in

Ads

Sunday, September 12, 2021

অন্য এক অথেল’ (৫৫)

 (৫৫)


#অন্য_এক_অথেল’


 ধীৰ খোজেৰে শশাংক সোমাই আহি বহাকোঠাৰ দীঘল বেতৰ চোফাখনৰ এমুৰে আলহীৰ দৰে বহি পৰিল৷ তাৰ চাল চলনত, চাৱনিত, শৰীৰৰ ভাষাত আগৰ তীব্ৰতা নাই৷ কিবা এক সংকোচে যেন তাক বেঢ়ি ধৰিছে৷ 


"বহাচোন তুমি৷ মই বিপাক্ষীক মাতি দিওঁ৷"


তাক বহুৱাই তেওঁ ভিতৰ পালেগৈ৷ চিচাৰ গিলাচএটাত ফিল্টাৰৰ পৰা পানী এগিলাচ উলিয়াই প্লেট এখনত ওপৰত গিলাচটো লৈ তেওঁ পুনৰ বাহিৰৰ কোঠা পালেগৈ৷ 


"ভালে আছা জোঁৱাই?"


শশাংকৰ মাকে  পানীগিলাচ শশাংকলৈ আগবঢ়াই দিলে৷ বৰ পিয়াহত থকা মানুহৰ দৰেই সি গোটেইগিলাচ পানী খাই পেলালে৷ 


"আছোঁ মা৷ দাদাহঁত নাই নেকি?"


শশাংকই সেমেকা কণ্ঠেৰে সুধিলে৷


"সি কেনিবা ওলাই গ’ল হবলা! বোৱাৰী শুই থাকিব পায়৷"


মাকে কৈ থাকোঁতেই ভিতৰৰ পৰা বিপাক্ষী ওলায় আহিল৷ শশাংকই তাইৰ ফালে এপলক চাই বেৰত ওলমি থকা ঘড়ীটোলৈকে ফালে চাই পঠিয়ালে৷ তাই আহি তাৰ সন্মুখৰ চকীখনতে বহিলহি৷ 


"তোমালোকে কথা পাতাচোন৷ মই চাহ অকন কৰোগৈ৷"


মাকে সিহঁতক কথা পতাৰ সুবিধা দি আঁতৰি গ’ল৷ শশাংকৰ সলনি হোৱা আচৰণ দেখি বয়সৰ অভিজ্ঞতাৰে তেওঁ কিবা এটা বুজি উঠিছে৷ তেওঁ থাকিলে ল’ৰাছোৱালীহঁতে খোলাকৈ কথাখিনি নাপাতিব৷


কিছুসময় দুয়োটা মনে মনে বহি ৰ’ল৷


"মই তোমাক ঘৰলৈ নিবলৈ আহিছোঁ বিপাক্ষী৷"


নীৰৱতা ভাঙিলে শশাংকই৷


"শশাংক, মোৰ কবলগীয়াখিনি তোমাক ইতিমধ্যেই কোৱা হৈ গৈছে শশাংক৷ আৰু নতুনকৈ একো নকওঁ৷"


বিপাক্ষীৰ সৰু অথচ দৃঢ় কণ্ঠেৰে ক’লে৷


"তোমাৰ নাথাকিলেও মোৰ কবলগীয়া আছে বিপাক্ষী৷ তুমি শুনিবই লাগিব৷ তুমি কোৱাৰ বাবেই মই মানসিক ৰোগৰ বিশেষজ্ঞৰ ওচৰলৈকো গলোঁ৷ তেওঁৰ পৰামৰ্শমতে মই বৰ্তমান মেডিচিনো লৈ আছোঁ৷  নিজৰ ভুলবোৰ মই এতিয়া উপলব্ধি কৰিব পাৰিছোঁ৷ এতিয়াটো তুমি মোৰ সৈতে যোৱাত আপত্তি থাকিব নালাগে৷ মই তোমাৰ সাহচৰ্য্যত জীৱনটোক শুধৰাবলৈ বিচাৰিছোঁ৷ তুমি মোক সহায় নকৰিবা নেকি?"


শশাংকৰ আতুৰতা তাই বুজি পালে৷ 


"তুমি নিজেই নিজৰ সহায় হৈছা শশাংক৷ সেইটো শুনি মোৰ ভাল লাগিছে৷ তোমাৰ ভুল হৈছিল বুলিও উপলব্ধি কৰিছা৷ সেয়াও মোৰ বাবে বৰ আনন্দৰ কথা৷ কিন্তু..."


"কি কিন্তু বিপাক্ষী? প্লিজ কোনো কিন্তু আমাৰ মাজলৈ নানিবা৷ ঘৰলৈ বলা বিপাক্ষী৷"


শশাংকই তাইক ঘৰলৈ লৈ যাম বুলি যেন বদ্ধপৰিকৰ৷


"তাকেই কবলৈ গৈ আছোঁ শশাংক৷ তুমিটো জানাই, মই চাকৰিৰ বাবে দুটামান পৰীক্ষা দিম বুলি পঢ়াশুনা কৰি আছোঁ৷"


"তোমাক চাকৰিৰ বাবে আৰু বাধা নিদিওঁ বিপাক্ষী৷ ঘৰত থাকিও পৰীক্ষাৰ প্ৰস্তুতি কৰিব নোৱাৰিবা জানো?"


শশাংকৰ কথাত বিপাক্ষী কিছুসময় নীৰৱে ৰ’ল৷ তাৰপাছত তাই লাহেকৈ ক’লে,


"শশাংক, মই যিটো উদ্দেশ্য লৈ ঘৰলৈ আহিছিলোঁ সেই উদ্দেশ্য পূৰণ নোহোৱালৈকে ইয়াতেই থাকিম বুলি ভাবিছোঁ৷ প্ৰথমে চাকৰি এটা পাই লওঁ৷ পাছৰ কথা পাছত দেখা যাব৷ ভগৱানে নকৰক, মই তোমাৰ সৈতে যোৱাৰ পাছতো যদি কথাবোৰ আগৰ দৰে হৈ পৰে তেতিয়া মই কি কৰিম? নিজৰ ভৰিৰ ওপৰত থিয় দিয়াটোত মই প্ৰথমে গুৰুত্ব দিম৷ আশা কৰোঁ তুমি কথাটো বুজিবা৷"


বিপাক্ষীৰ কথাত শশাংকই কিবা এটা ভাৱি খন্তেক নীৰৱে থাকিল৷ তাৰপাছত লাহেকৈ উঠি গৈ তাইৰ কাষত বহি তাৰ  দুয়োখন হাত তাইৰ বাওঁহাতখনৰ ওপৰত আলফুলে থলে৷ তাৰপাছত লাহেকৈ ক’লে,


"তোমাৰ যদি এয়াই ইচ্ছা তেন্তে সেইটোৱেই হওক৷ তোমাক জোৰ কৰিলে মই দেখোন আগৰ শশাংকটোয়েই হৈ থাকিম৷ নিজৰ সময় লোৱা৷ তোমাৰ বাবে মোৰ হৃদয়ৰ দুৱাৰ সদায়েই খোলা থাকিব৷"


বিস্মিত বিপাক্ষীয়ে শশাংকৰ চকুলৈ চাই থাকোঁতেই বিপাক্ষীৰ বৌয়েক গলহেকাৰি এটা মাৰি সোমাই আহিল৷ শশাংকই তাইৰ হাতখন এৰি দি পোনহৈ বহিল৷ 


"বৌ৷"


বৌয়েকৰ সন্মুখত শশাংকই তাৰ আগৰ আচৰণৰ বাবে কিছু বিব্ৰতবোধ কৰিলে৷ একো নকলেও তাৰ শৰীৰৰ ভাষাই এই কথা জনাই দিলে৷ বৌয়েকে বুজিলে৷


"তুমি আহিছা বুলি গম নাপাওঁ নহয়৷ শুই আছিলোঁ৷ ভিতৰলৈকে আহা৷ মায়ে চাহ খাবলৈ মাতিছে৷"


বৌয়েকে তাক সহজ কৰি দিবলৈ বিচাৰিলে৷ শশাংকই বাক্যব্যয় নকৰি ভিতৰ বৌয়েকৰ পিছে পিছে ভিতৰ পালেগৈ৷ তাৰ লগে লগে বিপাক্ষীও৷ বিপাক্ষীৰ মাকে ভাজি দিয়া মালপোৱাৰে চাহ খাই যাবলৈ ওলাল সি৷ আগৰ শশাংকৰ ঠাইত এইটো নতুন শশাংকক প্ৰত্যক্ষ কৰি মনে মনে আনন্দিত হ’ল মাকজনী৷ হওক তেওঁ! ভগৱানে যে তেওঁৰ প্ৰাৰ্থনা শুনিলে! বিপাক্ষীয়ে মৌন হৈ মাথোঁঁ সকলোৰে কথাবোৰ শুনি গ’ল৷


"গৈ থাকোঁ বিপাক্ষী৷ ফোন কৰিলে ধৰিবানে?"


যাবলৈ ওলাই শশাংকই তাইৰ কাণৰ কাষত কোৱা কথাষাৰৰ উত্তৰত একো নকৈ মাত্ৰ তাৰ  চকুলৈ চালে৷ উত্তৰটো সি বুজি পালে৷ নোকোৱাকৈয়ো কিছুমান কথা জানো বুজিব নোৱাৰি জানো! 


উপসংহাৰঃ বিপাক্ষীয়ে ঘৰতে থাকি পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে৷ শশাংকই সময়ে সময়ে চিকিৎসকৰ লগত পৰামৰ্শ কৰি নিজকে সুস্থিৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ বিপাক্ষীয়ে সদ্যহতে তাইৰ এডভোকেটক কৈ ডিভোৰ্চৰ কথাটো স্থগিত ৰাখিছে৷ আঁতৰি থাকি  পুনৰবাৰ যেন নতুনকৈ ইটোয়ে সিটোৰ প্ৰেমত পৰিছে! পিছে তাইৰ ককায়েকেহে শশাংকক এতিয়াও আগৰদৰে আদৰি ল’ব পৰা নাই৷ অ, কবলৈ পাহৰিছিলোঁ, আকাংক্ষা সেইদিনা মাক দেউতাকৰ সৈতে নাহিল৷ তাই আশ্ৰমতেই কিছুদিন কটাব৷ তাৰপাছতহে নিজৰ ঠাইলৈ আহি মাক দেউতাকৰ সৈতে থাকি তেনেধৰণৰ কিবা এটা কৰাৰ পৰিকল্পনা কৰিব৷ সহকৰ্মী এগৰাকীৰ সৈতে দিবাকৰৰ প্ৰেমৰ সম্পৰ্ক এটা হৈছে৷ সম্ভৱতঃ খুউব সোনকালে মাকহঁতে তাৰ বিয়াৰ কথাও পাতিব৷ জীৱন চলমান৷ এনেদৰেই গতি কৰি থাকিব৷ বিপাক্ষীৰ, শশাংকৰ, আকাংক্ষাৰ, দিবাকৰৰ, বিপ্লৱৰ, সকলোৰে৷ আপোনাৰ আৰু মোৰো৷


সমাপ্ত🙏

(প্ৰথমে চুটিগল্প এটাহে লিখিছিলো৷ পাছত তাকেই টানি টানি দীঘল কৰি লৈ গৈ থাকিলোঁ৷ কেৱলমাত্ৰ আপোনালোকৰ অনুপ্ৰেৰণাৰ বাবেই এইকণকে লিখিব পাৰিলোঁ৷ তাৰবাবে মোৰ ফালৰ পৰা আপোনালোকলৈ হিয়াভৰা কৃতজ্ঞতা জনালোঁ৷🙏আগলৈয়ো যেন  এনেদৰেই মোক অনুপ্ৰেৰণা যোগায় যায়৷ 🙏)

No comments:

Post a Comment